Premium Only Content
5th June- World Environment Day2020/World environment Day in Assam/ ankumoni Assamese vlog
5th June- World Environment Day2020/World environment Day in Assam/ ankumoni Assamese vlog
#WorldenvironmentDay
#SaveEarth
#savetrees
১৯৭৩ চনৰ পৰাই ৫ জুনৰ দিনটো ‘বিশ্ব পৰিৱেশ দিৱস’ ৰূপে পালন কৰি অহা হৈছে। মানুহৰ জীৱনত সেউজ আৰু স্বাস্থ্য়সন্মত পৰিৱেশৰ গুৰুত্ব সম্পৰ্কত বিশ্বজুৰি সজাগতা সৃষ্টিয়ে এই দিৱসৰ মূল লক্ষ্য। পৰিৱেশ-অনুকূল ইতিবাচক কাম-কাজৰ জৰিয়তে আমাৰ চাৰিওফালে মূৰ দাঙি ধৰা পৰিৱেশজনিত সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি, সমাজৰ প্ৰতিজন লোকেই যে তেওঁৰ পৰিৱেশ সংৰক্ষণ কৰাটো দায়বদ্ধ, এই কামৰ বাবে কোনো বিশেষ ব্যক্তি বা অনুষ্ঠানৰ মুখলৈ আমি চাই থকা উচিত নহয়- সেই ধৰণৰ সজাগতা সমগ্ৰ বিশ্বৰ সাধাৰণ মানুহৰ মাজলৈ লৈ যোৱাটো এই দিৱসৰ অন্যতম লক্ষ্য।
এই দিৱস প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনিয়ে(UNED) ১৯৭২ চনৰ ৫-১৬ জুনলৈকে অনুষ্ঠিত মানৱ পৰিৱেশ(Human Environment) সন্মিলনত আৰম্ভ কৰিছিল। পিছৰ বছৰত ‘Only one Earth’ মূল বিষয়বস্তুৰে এই দিৱস উদযাপন কৰা হয়। তাৰ পৰৱৰ্তী বছৰৰ পৰা অৰ্থাৎ ১৯৪৭ চনৰ পৰা বিশ্বৰ বিভিন্ন দেশৰ মহানগৰবোৰত এই পৰিৱেশ দিৱস উদযাপন কৰিবলৈ লোৱা হয়।
মানুহৰ একমাত্ৰ বাসভূমি এই পৃথিৱীত ক্ৰমে ক্ৰমে প্ৰবলতৰ হৈ উঠা পৰিৱেশজনিত সমস্যা, খাদ্যবস্তুৰ অপচয় আৰু লোকচান, নিৰ্বনিকৰণ, গোলকীয় উষ্ণতা বৃদ্ধি আদি সমস্যাবোৰ সমাধানক এই দিৱসৰ লক্ষ্য কৰি লোৱা হৈছে। সেই উদ্দেশ্যে প্ৰতি বছৰে এটা বিষয়বস্তু আৰু শ্লোগান সমগ্ৰ বিশ্বতে প্ৰচাৰৰ আঁচনি কৰা হয়। কাৰ্বনমুক্ত পৰিৱেশ আহৰণত সফলতা লাভৰ বাবে বননিকৰণ, সেউজ গৃহৰ পাৰ্শ্বক্ৰিয়া হ্ৰাসকৰণ, জৈৱ-ইন্ধন উৎপাদনত উদগনি, বিদ্যুৎ উৎপাদনত জলবিদ্যুৎ প্ৰকল্পৰ ব্যৱহাৰ, ছ’লাৰ ৱাটাৰ হিটাৰ ব্যৱহাৰত সাধাৰণ মানুহক উৎসাহিত কৰা, সৌৰ উৎসৰ পৰা শক্তি উৎপাদন, নতুন জলনিষ্কাশন ব্যৱস্থাৰ বিকাশ, প্ৰবাল-চৰ আৰু মেংগ্ৰোভৰ প্ৰতিষ্ঠা বা পুনঃপ্ৰতিষ্ঠাত সহায় কৰা, যাতে বান আৰু খহনীয়াৰ কবলৰ পৰা দ’ ঠাইবিলাক ৰক্ষা কৰিব পাৰি- ইত্যাদি বিষয়বোৰক মানুহৰ মাজত জনপ্ৰিয় কৰাৰ উদ্দেশ্য আগত ৰাখি এই দিৱস উদযাপন কৰা হয়।
বিভিন্ন সামাজিক গোট আৰু সম্প্ৰদায়ৰ মানুহক এই দিৱসত জড়িত কৰাই তেওঁলোকক এই বিষয়ৰ সজাগতাৰ ক্ষেত্ৰত সক্ৰিয় নেতৃত্ব ল’বলৈ উৎসাহিত কৰা হয়। তেওঁলোকক এইটো উপলব্ধি সৃষ্টি কৰিবলৈ চেষ্টা কৰা হয় যে পৰিৱেশৰ পৰা নেতিবাচক পৰিৱৰ্তনবোৰক বাধা দিয়া নিতান্তই দৰকাৰী। নিৰাপদ, পৰিচ্ছন্ন আৰু সমৃদ্ধিপূৰ্ণ ভৱিষ্যৎ এটা পাবৰ বাবে যে আমি আমাৰ চৌপাশ সুৰক্ষিত আৰু পৰিচ্ছন্ন কৰি ৰাখিব লাগে, সেই কথা সাধাৰণ মানুহৰ উপলব্ধিৰ মাজলৈ লৈ যোৱাটোও এই দিৱসৰ গুৰুত্বপূৰ্ণ লক্ষ্য।
এই লক্ষ্যবোৰত উপনীত হোৱাৰ চেষ্টাৰ অংশ স্বৰূপে বিশ্ব পৰিৱেশ দিৱসত সমগ্ৰ বিশ্বতে কিছুমান সবল আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হয়। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় উভয় পৰ্যায়ত এনে কাৰ্যসূচী গ্ৰহণ কৰা হয়। পথ সমদল, বৃক্ষৰোপণ, আৱৰ্জনা পুনৰ ব্যৱহাৰকৰণ, চৌপাশ পৰিষ্কাৰ কৰা অন্যান্য বিভিন্ন সক্ৰিয়তাত লাখ লাখ লোকক জড়িত কৰা হয়। তাৰোপৰি অধিক ব্যাপকভাৱে জনসাধাৰণৰ মাজলৈ লৈ যাবলৈ বিভিন্ন সংবাদ মাধ্যমক জড়িত কৰা হয়।
বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু আৰু শ্লোগান -
ৰাষ্ট্ৰসংঘৰ দ্বাৰা নিৰ্ণীত একোটা বিশেষ বিষয়ক ভিত্তি কৰি প্ৰতিবছৰৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। যাতে এই উদযাপনে অধিক মানুহক সামৰি লয় আৰু অধিক কাৰ্যকৰী হয়। ২০১৬ চনৰ মূলমন্ত্ৰ হ’ল- ‘পৃথিৱীখনক অধিক সুন্দৰ কৰাৰ অভিযানত যোগ দিয়ক/ভাগ লওক’। বিভিন্ন বৰ্ষত এই দিৱসৰ মূল বিষয়বস্তু আৰু শ্লোগান আছিল এনে ধৰণৰ-
২০১৫ চন:
‘এখন বিশ্ব, এটা পৰিৱেশ’।
২০১৪ চন:
‘সৰু দ্বীপে দেশৰ বিকাশ ঘটাইছে’ আৰু ‘আপোনাৰ কন্ঠস্বৰ উচ্চ কৰক, সাগৰপৃষ্ঠ নহয়’।
২০১৩ চন:
‘ভাবক, খাওক আৰু বচাওক’ আৰু শ্লোগান আছিল- ‘আপোনাৰ ফুডপ্ৰিন্ট হ্ৰাস কৰক’।
২০১২ চন:
‘সেউজ অৰ্থনীতি: ই আপোনাকো সামৰি লয়নে’?
২০১১ চন:
‘অৰণ্য: প্ৰকৃতি আপোনাৰ সেৱাত’।
২০১০ চন:
‘অনেক প্ৰজাতি: এটা গৃহ, এক ভৱিষ্যৎ’।
উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন
thanks
-
LIVE
Russell Brand
1 hour agoThey’re Running Out of Road — The Scandals, Experiments & Numbers They Can’t Hide - SF654
8,227 watching -
LIVE
vivafrei
51 minutes agoLive with Ivan Raiklin! Jan. 6 Pipe Bomber~! Comey & Letitia James Charges Dropped! AND MORE!
1,507 watching -
LIVE
The Quartering
1 hour agoCandace Owens Assassination Plot, Fat Acceptance Is Over, James Comey Indictment Thrown Out
5,466 watching -
LIVE
TheSaltyCracker
1 hour agoSALTcast 11-24-25
3,435 watching -
7:51
Dr. Nick Zyrowski
6 days agoHow To Starve Fat Cells - Not Yourself!
36.4K6 -
1:11:53
DeVory Darkins
2 hours agoBREAKING: Hegseth drops NIGHTMARE NEWS For Mark Kelly with potential court martial
91.6K46 -
LIVE
Dr Disrespect
4 hours ago🔴LIVE - DR DISRESPECT - ARC RAIDERS - BLUEPRINTS OR DEATH
2,555 watching -
1:10:26
Sean Unpaved
3 hours agoJalen Hurts & Eagles COLLAPSE In LOSS vs. Cowboys | UNPAVED
16.5K2 -
2:00:25
Steven Crowder
6 hours agoNo Influencer Safe: New X Update Exposed A Major Psyop
422K262 -
17:38
Professor Nez
3 hours agoTHIS will HAUNT Jasmine Crockett for Years...
14.9K20